Show/Hide Keyboard Layout

হে’ বিপ্লৱী

- বিষ্ণুপ্ৰসাদ ৰাভা

হে’ বিপ্লৱী বীৰ অধিনায়ক হে’

দিয়া অগ্নিবাণী বিপ্লৱৰ

ভাঙা বন্দিশাল কোটি কালৰ

মুক্তি হওঁক নিৰ্যাতিতৰ ।

 

তৱ দীপ্ত অনুৰাগে

নিদ্ৰা আচম্বিতে জাগে

জাগে জাগে

জাগে নিপীড়িত দল জগতৰ ।

 

তব শুভ আগমনে জ্বলে

ৰক্ত ভানু নৱ তালে

দোলে উৰি দোলে

ৰাঙলী পতাকা পীড়িতৰ

দলিতৰ ।।

Hits: 1482